May 10, 2024 12:08 PM | Lok Sabha Election

printer

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি, ২৫ মে’ত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে কালি প্রার্থিত্ব প্ৰত্যাহাৰৰ সামৰণি পৰে। এই পৰ্যায়ত অহা ২৫ মেত ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত দিল্লীৰ ৭খন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮খনকৈ, ওড়িশাৰ ৬খন, ঝাড়খণ্ডৰ ৪খন আৰু জম্মু-কাশ্মীৰৰ এখন আসন আছে।