August 11, 2025 12:00 PM

views 65

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা

● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূল...

August 8, 2025 10:25 AM

views 71

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 4, 2025 8:08 PM

views 69

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 7:55 PM

views 66

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

August 4, 2025 6:40 PM

views 66

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱ...

August 4, 2025 6:38 PM

views 67

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

August 4, 2025 6:27 PM

views 75

নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে বি এছ এন এলৰ দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বি এছ এন এলে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই পদক্ষেপ ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।

August 1, 2025 8:42 PM

views 87

যোৰহাট জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ পর্যালোচনা সভা অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্রীক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাখনত ভাৰতীয় চাহ সংস্থা, উত্তৰ পূৰ্বাঞ্চল চাহ সন্থা, ভাৰতীয় চাহ সন্থাৰ অসম শাখা, অসম চাহ ৰোপনকাৰী সন্থাৰ প্ৰতিনিধি, যোৰহাট জিলাৰ ক্ৰয় কৰা পাত কাৰখানাৰ মালিক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভ...

August 1, 2025 8:38 PM

views 63

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্রই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

August 1, 2025 6:36 PM

views 73

ৰাজ্যত জুন মাহত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সর্বেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এ...