● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূলক ধ্বনি আৰু শ্ল’গানেৰে শোভাযাত্ৰা কৰে।
Assamese | August 11, 2025 12:00 PM | Akashvani Guwahati | Local news | Prasanta Phukan | Triranga Yatra
স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা