December 4, 2025 7:24 PM

views 65

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত এই আঁচনিখনে তৃণমূল পৰ্যায়ত কাম কৰা জীৱিকা সখী, কৃষি সখী, বেংক সখীসকলৰ কামকাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী ফুকনে উল্লেখ ...

November 17, 2025 5:30 PM

views 76

ডিব্ৰুগড়ত বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত আজি বিভিন্ন ৰোগত চিকিৎসাধীন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় সমষ্টিৰ মুঠ ২৯ গৰাকী ৰোগীক এই চেক প্ৰদান কৰা হয়। এই চেকৰ ধনে ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

September 6, 2025 7:34 PM

views 65

ডিব্ৰুগড়ত ২৮ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ

মন্ত্রী প্রশান্ত ফুকনে আজি ডিব্ৰুগড়ত ২৮ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ কৰে। বিভিন্ন ৰোগত আক্ৰান্ত এই লোকসকলক চেকসমূহ বিতৰণ কৰা হয়। এই সাহায্যৰ জৰিয়তে দুখীয়া লোকসকলক ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আর্থিকভাৱে সকাহ প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

August 11, 2025 12:00 PM

views 66

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা

● সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্রী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্রেমমূল...

July 29, 2025 10:46 PM

views 56

মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে মন্ত্ৰী প্ৰশান্ত ফুকনৰ পর্যালোচনা বৈঠক

শক্তি আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি মানকাচৰৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। অহা ১৫ আগষ্টৰ ভিতৰত জিলাখনৰ উন্নয়নক লৈ আৰু কেইবাগৰাকী মন্ত্ৰীয়ে মানকাচৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী শ্ৰীফুকনে সাংবাদিকক জানিবলৈ দিয়ে।

June 16, 2025 8:52 PM

views 50

কেন্দ্ৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডিব্ৰুগড়ত বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ডিব্ৰুগড়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকনে অংশ লৈ চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। বৈঠকত মন্ত্ৰী বিমল বৰাইও ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। একেদৰে কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয়তো কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকাল সম্পূর্ণ হোৱা উপলক্ষে অনু...

May 27, 2025 12:01 PM

views 36

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৱিষ্যত পৰিকল্পনা সম্পর্কে মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত বৈঠক

● ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যত পৰিকল্পনা সম্পর্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাব বিধায়ক পোনাকন...

May 26, 2025 8:47 PM

views 59

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত আজি তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সচেতন মহিলা মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক শ্রদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, পর্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্রসহ বহুকেইগৰাকী লোক উপস্থিত থাকে।

May 20, 2025 8:21 PM

views 50

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাথনি আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয়। এই বৈঠকত প্রতিবেদনসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগত অনুমোদন জনোৱা হয়। বৈঠকত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু জিলা আয়ুক্ত বৈক্ৰম কৈৰী উপস্থিত থাকে...

January 21, 2025 11:59 AM

views 56

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই : প্ৰশান্ত ফুকন

ৰাজ্যখনত বিদ্যুৎ মাছুল বৃদ্ধিৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই আৰু বিদ্যুৎ মাছুলৰ পৰা ৰাজ্যৰ ৬০০ কোটি টকা ৰাহি হৈছে বুলি শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে প্ৰকাশ কৰিছে। কালি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰ চৌহদত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে বিভিন্ন প্ৰকাৰে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা লৈছে। নামনি কপিলী প্ৰকল্পৰ পৰাও ১২০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লগতে সৌৰ শক্তিৰ পৰাও বিদ্যুৎ উৎপাদন কৰি চৰকাৰক উৎকৃষ্ট সেৱা দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। অসম শক্ত...