ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠানৰ আন্তঃগাথনি আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত চৰকাৰী ভূমি আৱণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয়। এই বৈঠকত প্রতিবেদনসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগত অনুমোদন জনোৱা হয়। বৈঠকত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু জিলা আয়ুক্ত বৈক্ৰম কৈৰী উপস্থিত থাকে।
Assamese | May 20, 2025 8:21 PM | Akashvani News | Dibrugarh | Prasanta Phukan
ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক