● যোৱা ৩ আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধর্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয়, যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰন-ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয়, যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত-পাত, অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। এই সভাতে তেজপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ মুঠ ২২ গৰাকী সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়। ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত সত্ৰীয়া নৃত্য, বৰগীত, দিহা নাম প্ৰতিযোগিতাত স্থান দখল কৰা সকলক বঁটা প্ৰদান কৰা হয়। ভাওনাৰ অন্তিম নিশা অভিমন্যু বধ ভাওনা মঞ্চায়ন কৰা হয়।
Assamese | August 11, 2025 12:06 PM | Akashvani Guwahati | Bhauna | Local news | TEZPUR
তেজপুৰ ভাওনা সমাৰোহ ২০২৫ৰ সামৰণি