September 6, 2024 9:11 PM

views 63

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 6:29 PM

views 42

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্রালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰ মাহটোত পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভ...

September 3, 2024 6:57 PM

views 56

যোৰহাটত জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৩৫ খন গাঁৱত ৩১৯ হেক্টৰ ধাননিত ৰাইচ হিছপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ ৫৮৯ গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্র বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষি মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত মিলিত হয়। তেওঁ কৃষকসকলৰ সকাহৰ বাবে জিলা কৃষি বিভাগে গ্রহণ কৰি থকা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। ২৮১ হেক্টৰ ধাননিত ইতিমধ্যে পোকৰ আক্...

September 3, 2024 12:29 PM

views 56

যোৰহাট আৱৰ্ত ভৱনত পথ সুৰক্ষা সন্দৰ্ভত পর্যালোচনামূলক সভা অনুষ্ঠিত

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ সভাপতিত্বত কালি পথ সুৰক্ষা সন্দৰ্ভত এখন পর্যালোচনামূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পথ নিৰাপত্তা বিষয়ত সুৰক্ষা নিৰ্দেশনাসমূহ মানি চলাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পথ সংকেট চিহ্ন আৰু গতি ৰোধকসমূহ সুস্পষ্ট কৰা আদি বিষয়ত বিষদভাৱে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষক জিলা আয়ুক্তই নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে যান-বাহনৰ চালকসকলে নিচাযুক্ত দ্ৰব্য সেৱন কৰি যান-বাহন চলোৱা আৰু দুটকীয়া বাহনত ...

August 31, 2024 8:17 PM

views 42

যোৰহাট আৰক্ষী ছাউনীত জিলাখনত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলাত আইন শৃংখলা পৰিস্থিতি আৰু অপৰাধ তদন্ত বিষয়ক এখন পর্যালোচনা বৈঠক আজি যোৰহাট আৰক্ষী ছাউনীত অনুষ্ঠিত হয়। যোৰহাট আৰক্ষী অধীক্ষকৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত আৰক্ষীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। যোৱা মাহত পাৰদৰ্শিতা দেখুওৱা আৰক্ষীক এই বৈঠকত পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

August 25, 2024 8:15 PM

views 60

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা সন্দৰ্ভতো সভাত আলোকপাত কৰে। পথ সুৰক্ষাৰ নিয়মসমূহ বলবৎ কৰাৰ লগতে তেওঁ সকলোকে উপযুক্ত নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। যোৰহাট জিলা আয়ুক্তগৰাকীয়ে সভাত ...

July 6, 2024 6:29 PM

views 54

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্...

June 27, 2024 7:48 PM

views 71

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 18, 2024 6:28 PM

views 68

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।

June 13, 2024 7:01 PM

views 68

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।