October 5, 2024 9:46 AM

views 59

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীৰ অভিযান

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীয়ে কালি তিতাবৰ সাপ্তাহিক বজাৰ আৰু ৰঙাজানত যুটীয়া অভিযান চলায়। এই অভিযানৰ সময়ছোৱাত প্ৰায় ১৫ লিটাৰ অবৈধ সুৰা নষ্ট কৰাৰ লগতে পোহৰলৈ অহা সুৰাসক্ত চালকৰ দুটাকৈ ঘটনা তিতাবৰ আৰক্ষী চকীত ৰুজু কৰা হয়।

October 4, 2024 11:35 AM

views 44

নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ'ব। জিলা আয়ুক্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তকে ধৰি শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।

October 4, 2024 11:17 AM

views 55

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বন্যপ্রাণী সপ্তাহ ২০২৪ৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান

■ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বন্যপ্রাণী সপ্তাহ ২০২৪ উদযাপনৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ বিজ্ঞানী, বিষয়া আৰু অন্যান্য সহায়ক-কৰ্মচাৰীসকলে কালি পুৱা পক্ষী নিৰীক্ষণ কৰে। তেওঁলোকে প্রতিষ্ঠানটোৰ চৌহদত প্রায় ২৯টা বিভিন্ন প্ৰজাতিৰ চৰাই প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীসকলৰ মাজত কুইজ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আদিও অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি বেচৰক...

October 2, 2024 9:51 AM

views 44

গান্ধী জয়ন্তী উপলক্ষে যোৰহাট জিলাত মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধৰ আহ্বান আয়ুক্তৰ

● গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ অংশ হিচাপে যোৰহাট জিলা আয়ুক্তইও জিলাখনত আজি এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তগৰাকীয়ে আজিৰ দিনটোত জিলাখনৰ সকলো মাংসৰ দোকান আৰু বধশালাসমূহ বন্ধ ৰখাৰ লগতে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাইছে।

September 14, 2024 6:41 PM

views 30

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কামাখ্যা প্রসাদ তাছাৰ মাতৃবন উদ্বোধন

সাংসদ কামাখ্যা প্রসাদ তাছাই আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত এখন মাতৃবন উদ্বোধন কৰে। যোৱা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা মাতৃ নামত এজোপা গছ অভিযানৰ অংশ হিচাপে বৰ্ষাৰণ্য প্রতিষ্ঠানটোৱে এই মাতৃবনখন তৈয়াৰ কৰি উলিয়াইছে। মুঠ ১২৫০ বর্গমিটাৰ মাটিকালিত ১৬ বিধ থলুৱা প্ৰজাতিৰ প্ৰায় ৩৫০ জোপা গছপুলিৰে মাতৃবনখনৰ আৰম্ভণি কৰা হৈছে ।

September 12, 2024 1:07 PM

views 44

কালিৰে পৰা তিনিদিনীয়াকৈ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। এই কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিভাগৰ মুঠ ২০ গৰাকী বিষয়া আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে। বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ তত্বাৱধানত চলিবলগীয়া এই প্...

September 12, 2024 1:58 PM

views 53

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে। ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম দলৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিচালকক আন্তৰিক অভিনন্দন জনাইছে।

September 7, 2024 12:57 PM

views 43

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্র্যালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰক পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভত জন...

September 6, 2024 9:11 PM

views 54

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 6:29 PM

views 34

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্রালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰ মাহটোত পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভ...