সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্র্যালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰক পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক দায়বদ্ধতাৰে কাম কৰি যাবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। একে সময়তে বিধায়কগৰাকীয়ে বিষয়কৈ চৰ-চাপৰি আৰু চাহ বাগিচা অঞ্চলত সজাগতা বৃদ্ধিৰে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা সম্পর্কে অধিক সজাগতা আনিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, এই বৰ্ষৰ পোষণ মাহৰ মূল বিষয়বস্তু হৈছে ৰক্তহীনতা।
Assamese | September 7, 2024 12:57 PM | Jorhat
যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ ৰ আনুষ্ঠানিকভাৱে আৰম্ভ