August 25, 2024 8:15 PM | Jorhat | road safety

printer

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা সন্দৰ্ভতো সভাত আলোকপাত কৰে। পথ সুৰক্ষাৰ নিয়মসমূহ বলবৎ কৰাৰ লগতে তেওঁ সকলোকে উপযুক্ত নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়। যোৰহাট জিলা আয়ুক্তগৰাকীয়ে সভাত অংশগ্রহণ কৰি পথ সুৰক্ষা বৃদ্ধি আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত ভাষণ প্ৰদান কৰে। তেওঁ দুচকীয়া বাহনৰ চালকসকলক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। যোৰহাট জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ন্যায়াধীশ আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষণ প্ৰসংগত দুৰ্ঘটনা হ্ৰাস আৰু জীৱনৰক্ষাৰ ক্ষেত্ৰত ল’বলগীয়া সতর্কতা সন্দৰ্ভত অৱগত কৰে।