যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ সভাপতিত্বত কালি পথ সুৰক্ষা সন্দৰ্ভত এখন পর্যালোচনামূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পথ নিৰাপত্তা বিষয়ত সুৰক্ষা নিৰ্দেশনাসমূহ মানি চলাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পথ সংকেট চিহ্ন আৰু গতি ৰোধকসমূহ সুস্পষ্ট কৰা আদি বিষয়ত বিষদভাৱে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষক জিলা আয়ুক্তই নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে যান-বাহনৰ চালকসকলে নিচাযুক্ত দ্ৰব্য সেৱন কৰি যান-বাহন চলোৱা আৰু দুটকীয়া বাহনত হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহন আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়াৰ লগতে জিলাখনত লালিগুড় সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তদুপৰি জিলা আয়ুক্তই নগৰখনৰ জিলা আয়ুক্তই নগৰখনৰ বিভিন্ন পার্কিং ঠাইসমূহ নিৰীক্ষণ কৰা, শ্বপিং মলসমূহৰ পার্কিং ব্যৱস্থা নিশ্চিত কৰাৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে জিলাখনৰ বিভিন্ন বিদ্যালয়সমূহৰ প্ৰাতঃ সভাত পথ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত পাঠদান কৰা সম্পৰ্কেও জিলা আয়ুক্তক অৱগত কৰে।
Assamese | September 3, 2024 12:29 PM | Jorhat
যোৰহাট আৱৰ্ত ভৱনত পথ সুৰক্ষা সন্দৰ্ভত পর্যালোচনামূলক সভা অনুষ্ঠিত