September 7, 2026 8:49 PM

views 14

নতুন দিল্লীত মন্ত্রী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ লাকজেমবাৰ্গৰ মন্ত্রী লেক্স ডেলেচৰ

লাকজেমবাৰ্গৰ অর্থনীতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ শক্তি আৰু পর্যটন মন্ত্রী লেক্স ডেলেচে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্রী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রালয়ে জনোৱা মতে, বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰত আৰু লাকজেমবাৰ্গৰ মাজত চলি থকা সহযোগিতাৰ স্থিতি, ভৱিষ্যত উন্নয়ন আৰু অধিক প্রতিষ্ঠানিক তথা বাণিজ্যিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই আলোচনা সন্দর্ভত মন্ত্রী ড০ জীতেন্দ্র সিঙে কয় যে ভাৰত আৰু লাক্‌জেমবাৰ্গৰ মাজৰ সু-সম্পর্কই ...

July 17, 2026 8:45 PM

views 25

পেঞ্চন মোকদমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাঙ্গ সত্ৰত শনিবাৰে কেন্দ্ৰীয় ৰাজ্য মন্ত্রী জিতেন্দ্ৰ সিঙে ভাষণ দিব

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকদমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাঙ্গ সত্ৰত ভাষণ দিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই কর্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকদমা উন্নত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাক প্রতিফলিত কৰে। এই কর্মশালাত সকলো মন্ত্রালয়ৰ ন'ডেল বিষয়া আৰু বিশেষ পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰিব।

October 11, 2025 8:19 PM

views 183

প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙৰ অংশগ্ৰহণ

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্রধানমন্ত্রী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্রদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানৰ প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়। ড০ সিঙে কয়, যে প্রযুক্তি সুলভ হৈ পৰিছে আৰু স্বচ্ছতা তথা উত্তৰ দায়িত্ব নিশ্চিতকৰণৰ আটাইতকৈ ফলপ্রসূ আহিলাৰূপে পৰিগণিত হৈ উঠিছ...

August 27, 2024 7:42 PM

views 84

নতুন দিল্লীৰ বিজ্ঞান ভৱনত কাইলৈ চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্রী ডº জিতেন্দ্র সিঙে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ প্ৰমাণপত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৫ চনত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে অনুভৱ শীৰ্ষক মঞ্চ মুকলি কৰিছিল। এই মঞ্চ অৱসৰপ্ৰাপ্ত আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰিৰ কালছোৱাত প্ৰদৰ্শন কৰা...