আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্রধানমন্ত্রী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্রদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানৰ প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়। ড০ সিঙে কয়, যে প্রযুক্তি সুলভ হৈ পৰিছে আৰু স্বচ্ছতা তথা উত্তৰ দায়িত্ব নিশ্চিতকৰণৰ আটাইতকৈ ফলপ্রসূ আহিলাৰূপে পৰিগণিত হৈ উঠিছে।
Assamese | October 11, 2025 8:19 PM | Jitendra Singh
প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙৰ অংশগ্ৰহণ