কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত পেঞ্চন মোকদমা সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালাৰ পূৰ্ণাঙ্গ সত্ৰত ভাষণ দিব।
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই কর্মশালাই অংশীদাৰসকলৰ মাজত সহযোগিতা সুনিশ্চিত কৰি পেঞ্চন সম্বন্ধীয় মোকদমা উন্নত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাক প্রতিফলিত কৰে।
এই কর্মশালাত সকলো মন্ত্রালয়ৰ ন’ডেল বিষয়া আৰু বিশেষ পৰামৰ্শদাতাসকলে অংশগ্ৰহণ কৰিব।