কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্রী ডº জিতেন্দ্র সিঙে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ প্ৰমাণপত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৫ চনত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে অনুভৱ শীৰ্ষক মঞ্চ মুকলি কৰিছিল। এই মঞ্চ অৱসৰপ্ৰাপ্ত আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰিৰ কালছোৱাত প্ৰদৰ্শন কৰাৰ উল্লেখনীয় সাফল্য প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছে। এতিয়ালৈ ৫৪টা অনুভৱ বঁটা প্ৰদান কৰা হৈছে। মন্ত্রী ডº সিঙে লগতে কাইলৈ নতুন দিল্লীত একাদশ সৰ্বভাৰতীয় পেন্সন আদালত আৰু ৫৫ সংখ্যক প্ৰাক-অৱসৰকালীন পৰামৰ্শদান কৰ্মশালাত অধ্যক্ষতা কৰিব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে সু-প্ৰশাসনৰ অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।
Assamese | August 27, 2024 7:42 PM | Jitendra Singh
নতুন দিল্লীৰ বিজ্ঞান ভৱনত কাইলৈ চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান