লাকজেমবাৰ্গৰ অর্থনীতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ শক্তি আৰু পর্যটন মন্ত্রী লেক্স ডেলেচে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্রী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যা মন্ত্রালয়ে জনোৱা মতে, বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰত আৰু লাকজেমবাৰ্গৰ মাজত চলি থকা সহযোগিতাৰ স্থিতি, ভৱিষ্যত উন্নয়ন আৰু অধিক প্রতিষ্ঠানিক তথা বাণিজ্যিক সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। এই আলোচনা সন্দর্ভত মন্ত্রী ড০ জীতেন্দ্র সিঙে কয় যে ভাৰত আৰু লাক্জেমবাৰ্গৰ মাজৰ সু-সম্পর্কই দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। ২০২২ চনৰ ফেব্ৰুৱাৰীত মহাকাশৰ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু লামেবাৰ্গৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশখণ্ড দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। মন্ত্রালয়ে জনোৱা মতে, এই অংশীদাৰিত্বৰ বাণিজ্যিক দিশো শেহতীয়াকৈ গঢ় লৈ উঠিছে। এই অংশীদাৰিত্বৰ বাবে লাকজেমবাৰ্গৰ দুটা কৃত্রিম উপগ্রহ পি এছ এল ভিৰ জৰিয়তে উৎক্ষেপন কৰা হৈছে। এই বৈঠকত লেক্স ডেলেচে মহাকাশ, উপগ্রহ যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু উচ্চ ক্ষমতা সম্পন্ন কম্পিউটাৰৰ সুবিধাৰ ক্ষেত্ৰত লাক্জেমবাৰ্গৰ ভাৰতৰ সৈতে বাঢ়ি অহা সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। লাক্জেমবাৰ্গৰ ব্যবসায়িক প্রতিষ্ঠানসমূহে ভাৰতত তেওঁলোকৰ ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়।
Assamese | September 7, 2026 8:49 PM | Jitendra Singh
নতুন দিল্লীত মন্ত্রী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ লাকজেমবাৰ্গৰ মন্ত্রী লেক্স ডেলেচৰ