August 21, 2025 6:34 PM

views 46

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা ২০০০ অধিক সন্ত্ৰাসবাদীক নিধন কৰাৰ দাবী

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা দুহেজাৰৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ প্ৰায় ১০ হাজাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু হামাছৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ বাবে নিয়ন্ত্ৰণ কৰিড'ৰ স্থাপন কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে দেশখনৰ সামৰিক বাহিনীয়ে গাজাৰ প্ৰায় ৭৫ শতাংশ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে।

June 19, 2025 8:17 PM

views 43

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰোকা চিকিৎসালয়ৰ সঞ্চালকপ্ৰধান শ্লোমি কোডেছে আক্রমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয়ক ন...

June 19, 2025 3:28 PM

views 46

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনত পোষকতা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিয় গুটেৰেছে ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘাত শীঘ্ৰেই অৱসান ঘটোৱাৰ লগতে শান্তি স্থাপনৰ পোষকতা কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সাম্প্রতিক সংঘাতত উদ্বেগ প্রকাশ কৰি সচিব প্ৰধানগৰাকীয়ে এই সংঘাতক আৰু অধিক আন্তঃৰাষ্ট্ৰীয়কৰণ নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে সামৰিক বাহিনীৰ অতিৰিক্ত কার্যকলাপে সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ ফলাফলৰ সূচনা কৰিব আৰু ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তাৰ প্ৰতি বিস্তৰ ভাবুকিৰ সৃষ্টি হ'ব। তেওঁ এই সংঘাতৰ ফলত সাধাৰণ লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দিয়াৰ লগতে...

June 19, 2025 3:25 PM

views 37

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বর্ধন সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে ইৰানত থকা ৩৫০ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে অনুৰোধ লাভ কৰিছে। তুর্কমেনিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় সকলক নিৰাপদ...

June 14, 2025 7:42 PM

views 53

ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে আজি দেশখনত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থাকি ইজৰাইল প্ৰশাসনে দিয়া উপদেশ অনুসৰি সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে ভাৰতীয় লোকসকলে সাৱধানতা অৱলম্বন কৰা উচিত আৰু দেশখনৰ ভিতৰত অনাহক ভ্ৰমণ এৰাই চলি সুৰক্ষিত স্থানত থাকিব লাগে। দূতাবাসে ভাৰতীয়সকলৰ সুৰক্ষাকে ধৰি সামগ্ৰিক পৰিস্থিতিত নজৰ ৰাখিছে। অত্যন্ত জৰুৰী অৱস্থাত দূতাবাসৰ ২৪ ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ প্লাছ ...

January 30, 2025 4:40 PM

views 55

ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু হৈছে। এই প্ৰক্ৰিয়াৰে গাজাত বন্দী হৈ থকা পাঁচজন থাই নাগৰিকৰ লগতে প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে চিনাক্ত কৰা তিনিজন ইজৰাইলী বন্দীক মুকলি কৰি দিয়া হ'ব। অহা সপ্তাহৰ শেষৰ ফালে চতুৰ্থটো বন্দী বিনিময় প্রক্রিয়াও সম্পন্ন হব বুলি প্ৰকাশ পাইছে।উল্লেখযোগ্য যে, ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই য...

November 28, 2024 8:35 PM

views 48

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছেঃ বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছে। ইয়াৰে ভিতৰত যোৱা বছৰৰ অক্টোবৰৰ পাছত পশ্চিম এছিয়াৰ দেশখনলৈ যোৱা প্ৰায় ১২ হাজাৰ শ্রমিক আছে। বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰি কয়, যে যোৱা বছৰ নৰেম্বৰত স্বাক্ষৰিত দ্বিপাক্ষিক পৰিকাঠামো চুক্তিৰ অধীনত এই বছৰ ছহাজাৰ ৩৬৫ জন ভাৰতীয় ইজৰাইললৈ গৈছে। বাকীসকল লোক ব্যক্তিগত মাধ্যমেৰে যোৱা বুলি তেওঁ প্ৰকাশ কৰে।

October 2, 2024 3:41 PM

views 63

প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপেৰে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্রত্যক্ষ আক্রমণ

ইৰাণে যোৱা নিশা ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ আক্রমণ সংঘটিত কৰি প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ফলত অঞ্চলটোত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয়। এই আক্ৰমণত ইজৰাইলৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণ আতংকগ্ৰস্ত হৈ পৰাৰ লগতে তেওঁলোকে ততাতৈয়াকৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হয়। ইৰাণে হিজবুল্লা আৰু হামাছৰ বিষয়ববীয়াৰ শেহতীয়া হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ সংঘটিত কৰা বুলি দাবী কৰিছে। ইজৰাইলৰ সেনাবাহিনীৰ ৰেডিঅ'ত প্ৰকাশ পোৱা মতে ইজৰাইলে নিক্ষেপ কৰা প্ৰায় ১৮০টা ক্ষেপণাস্ত্ৰৰ অধিকাংশকেই আর্টবার্টতে ন...