ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছে। ইয়াৰে ভিতৰত যোৱা বছৰৰ অক্টোবৰৰ পাছত পশ্চিম এছিয়াৰ দেশখনলৈ যোৱা প্ৰায় ১২ হাজাৰ শ্রমিক আছে। বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এই কথা প্ৰকাশ কৰি কয়, যে যোৱা বছৰ নৰেম্বৰত স্বাক্ষৰিত দ্বিপাক্ষিক পৰিকাঠামো চুক্তিৰ অধীনত এই বছৰ ছহাজাৰ ৩৬৫ জন ভাৰতীয় ইজৰাইললৈ গৈছে। বাকীসকল লোক ব্যক্তিগত মাধ্যমেৰে যোৱা বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | November 28, 2024 8:35 PM | Indian | Israel | KIRTI-VARDHAN
ইজৰাইলত প্ৰায় ৩২ হাজাৰ ভাৰতীয় শ্রমিক আছেঃ বিদেশ ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং