ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু হৈছে। এই প্ৰক্ৰিয়াৰে গাজাত বন্দী হৈ থকা পাঁচজন থাই নাগৰিকৰ লগতে প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে চিনাক্ত কৰা তিনিজন ইজৰাইলী বন্দীক মুকলি কৰি দিয়া হ’ব। অহা সপ্তাহৰ শেষৰ ফালে চতুৰ্থটো বন্দী বিনিময় প্রক্রিয়াও সম্পন্ন হব বুলি প্ৰকাশ পাইছে।উল্লেখযোগ্য যে, ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই যুদ্ধবিৰতি চুক্তিৰ অধীনত ২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী সামৰিক বাহিনী হামাছৰ আক্ৰমণৰ সময়ত পণবন্দী হোৱা ইজৰাইলী লোকসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিনিময়ত ইজৰাইলে বৰ্তমান দেশখনৰ জিম্মাত থকা ১,৯০০ গৰাকী ব্যক্তিক মুকলি কৰি দিবলৈ সন্মত হৈছে আৰু ইয়াৰ অধিকাংশই পেলেষ্টাইনী। এই চুক্তি অঞ্চলটোত উত্তেজনা হ্ৰাস কৰাৰ দিশত উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
Assamese | January 30, 2025 4:40 PM | Israel | israel vs hamas
ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু