ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা দুহেজাৰৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ প্ৰায় ১০ হাজাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু হামাছৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ বাবে নিয়ন্ত্ৰণ কৰিড’ৰ স্থাপন কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে দেশখনৰ সামৰিক বাহিনীয়ে গাজাৰ প্ৰায় ৭৫ শতাংশ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে।
Assamese | August 21, 2025 6:34 PM | Akashvani | Israel
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা ২০০০ অধিক সন্ত্ৰাসবাদীক নিধন কৰাৰ দাবী