ইজৰাইলত থকা ভাৰতীয় দূতাবাসে আজি দেশখনত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক হৈ থাকি ইজৰাইল প্ৰশাসনে দিয়া উপদেশ অনুসৰি সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যে ভাৰতীয় লোকসকলে সাৱধানতা অৱলম্বন কৰা উচিত আৰু দেশখনৰ ভিতৰত অনাহক ভ্ৰমণ এৰাই চলি সুৰক্ষিত স্থানত থাকিব লাগে। দূতাবাসে ভাৰতীয়সকলৰ সুৰক্ষাকে ধৰি সামগ্ৰিক পৰিস্থিতিত নজৰ ৰাখিছে। অত্যন্ত জৰুৰী অৱস্থাত দূতাবাসৰ ২৪ ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ প্লাছ ৯৭২ ৫৪-৭৫২০৭১১ আৰু প্লাছ 972 54-32783৯২৩ যোগাযোগ কৰিবলৈ কোৱা হৈছে।
Assamese | June 14, 2025 7:42 PM | Israel
ইজৰাইলত থকা ভাৰতীয় লোকসকলৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি