May 17, 2024 4:50 PM

views 51

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছ...

May 15, 2024 11:28 AM

views 47

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত গুৱাহাটীত হ'বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। বর্তমানলৈকে ১৬ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাব কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। ডেলহি কেপিটেলছে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত ডেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ...

May 14, 2024 8:52 PM

views 38

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যাহ সুচল হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নিনির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে ১৫ আৰু ১৯ মে'ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰা...

May 14, 2024 8:50 PM

views 52

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন কৰাৰ পাছত ৰাজস্থান ৰয়েলছৰ দলটোৱে এখন সংবাদ মেলত অংশ লয়। গুৱাহাটীত হ'বলগীয়া দুয়োখন খেলৰ বাবে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।

May 14, 2024 6:18 PM

views 32

আই পি এলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দেলহী কেপিটেলছ মুখামুখি, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল পৰিত্যক্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লে-অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে এক পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শী...

May 11, 2024 2:54 PM

views 40

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 11, 2024 10:58 AM

views 40

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 10, 2024 11:56 AM

views 41

আই পি এল ক্রিকেটৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰোচৌৱে সৰ্বাধিক ৬১ ৰান কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰৰ মহম্মদ ছিৰাজে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে স্বপ্ননীল সিং, কৰ্ণ শৰ্মা আৰু ল'কী ফার্গুছনে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰুই প্ৰথমে বেট ধৰাৰ ...

May 8, 2024 4:39 PM

views 51

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়াবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে । প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক ২০ অভাৰত ৮টা উইকেটৰ বি...

May 7, 2024 1:51 PM

views 41

আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দাবাদক ৭ উইকেটত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে আৰম্ভণিতেই তিনিটা উইকেট হেৰুৱাইছিল যদিও সূর্যকুমাৰ যাদবৰ অপৰাজিত শতকৰ সহায়ত ১৭ অভাৰ ২ টা বলত ১৭৪ ৰানৰ লক্ষ্য সফলতা...