গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ’বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন কৰাৰ পাছত ৰাজস্থান ৰয়েলছৰ দলটোৱে এখন সংবাদ মেলত অংশ লয়। গুৱাহাটীত হ’বলগীয়া দুয়োখন খেলৰ বাবে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।
Assamese | May 14, 2024 8:50 PM | Guwahati | IPL 2024
গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ