আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়াবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে । প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২০১ ৰানত সীমিত ৰাখিবলৈ সমৰ্থ হয়।
Assamese | May 8, 2024 4:39 PM | IPL | IPL 2024 | IPL Cricket | IPL Highlights 2024
আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ