June 11, 2025 7:45 PM

views 74

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ ...

May 22, 2025 11:28 AM

views 93

দেশৰ মুঠ ১০৩টা ৰে’ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত

● নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে'ল ষ্টেচনৰ লগতে দেশৰ মুঠ ১০৩টা ৰে'ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰিব। অনুষ্ঠানত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰ...

May 21, 2025 8:05 PM

views 73

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

April 23, 2025 8:46 PM

views 82

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰত আৱদ্ধ হৈ থকা পৰ্যটক যাত্ৰীসকলক কঢ়িয়াই অনাৰ বাবে শ্রীমাতা বৈষ্ণোদেৱী কাটাৰ ষ্টেছনৰ পৰা নিশা ৯ বাজি ২০ মিনিটত এই ৰেলখনে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব। ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। ইয়াৰে জম্মু টাৱি ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ০১৯১-২৭৪৭০১১৬ শ্রীমাতা বৈষ্ণোদেৱী কাটৰা ষ্টেছনৰ যা...

April 4, 2025 8:00 PM

views 68

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এখন সংবাদ মেলক উদ্দেশ্যি কয় যে এই প্রকল্পসমূহে মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তিশগড়ৰ ১৫খন জিলাক সামৰি ল’ব আৰু ভাৰতীয় ৰে’লৰ ১,২৪৭ কিলোমিটাৰ পৰিধিক সামৰি এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰিব। তেওঁ জনায় যে এই প্রকল্পসমূহে সম্বলপুৰ-জাৰপাড়াৰ তৃতীয় আৰু চতুর্থ লাইন, ঝাচুগুড়া- ছেচনৰ তৃতীয় আৰু চতুৰ্থ লাইন, খাৰ্ছিয়া-নয়া ৰায়পুৰ-পাৰমলকাছাৰ পঞ্চম তথা ষষ্ঠ লাইন আ...

March 30, 2025 6:06 PM

views 79

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। গুৱাহাটী অভিমুখী ৰে'লখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ পাছতে অসম চৰকাৰে তৎপৰতাৰে বহ্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা...

March 19, 2025 8:46 PM

views 74

দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ কৰাৰ আশ্বাস ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি নতুন দিল্লীৰ ৰে'ল ভৱনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি সোনকালে আৰম্ভ কৰা হ’ব বুলি সাংসদগৰাকীক আশ্বাস দিয়ে। সাংসদ শ‍ইকীয়াই কালি নতুন দিল্লীত ৰে'ল বিভাগৰ ৰাজ্য মন্ত্ৰী ৰৱনীত সিং বিটুকো সাক্ষাৎ কৰে। সাক্ষাৎকালত সাংসদগৰাকীৰ সৈতে মাজবাটৰ কেইবাগৰা...

March 18, 2025 6:44 PM

views 54

অসমত ৰে’ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাইঃ অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অসমত ৰে'ল বিভাগৰ কাম-কাজ আশানুৰূপ হোৱা নাই বুলি ৰে'ল বিভাগৰ সমালোচনা কৰিছে। কালি ৰাজ্যসভাত ৰে'ল মন্ত্ৰণালয় সম্পৰ্কীয় বিতর্কত ভাগ লৈ সাংসদ ভূঞাই কয়, যে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আনকি এক্সপ্ৰেছ শ্ৰেণীৰ ৰে’লগাড়ীৰো ১২ ঘণ্টা সময় লাগে। তেওঁ কয়, যে অসমত ৰে'লপথৰ বৈদ্যুতিকীকৰণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। তদুপৰি অসমত দ্বৈত ৰে'লপথৰ নিৰ্মাণৰ ক্ষেত্ৰতো ৰে'ল মন্ত্ৰণালয়ে নিৰ্ধাৰিত সময় অনুসৰি কাম কৰিব পৰা নাই। উত্তৰ-পূব সীমা...

February 20, 2025 8:58 PM

views 66

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডট...

January 3, 2025 10:17 PM

views 64

গুৱাহাটীত কেইবাখনো নতুন ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কেন্দ্ৰীয় ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

  কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ গুৱাহাটীত কেইবাখনো নতুন ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটী-উত্তৰ লখিমপুৰ জননচৱ. দণ পখটফটান্ট শতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰেল আৰু তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছ এই তিনিখন ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন পথ উৰণ সেঁতু ৰাইজৰ সেৱাত ...