দৰং জিলাক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই কালি নতুন দিল্লীৰ ৰে’ল ভৱনত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি সোনকালে আৰম্ভ কৰা হ’ব বুলি সাংসদগৰাকীক আশ্বাস দিয়ে। সাংসদ শইকীয়াই কালি নতুন দিল্লীত ৰে’ল বিভাগৰ ৰাজ্য মন্ত্ৰী ৰৱনীত সিং বিটুকো সাক্ষাৎ কৰে। সাক্ষাৎকালত সাংসদগৰাকীৰ সৈতে মাজবাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছিল। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগক সাংসদ দিলীপ শইকীয়াই জনোৱা অনুসৰি দৰং জিলাত ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা বিষয়ত তেওঁ ইয়াৰ আগতে ৰে’ল মন্ত্ৰীগৰাকীক কেইবাবাৰো সাক্ষাৎ কৰিছে আৰু শীঘ্ৰে দৰংবাসীৰ বহুদিনীয়া আশা ফলৱতী হ’ব বুলি তেওঁৰ প্রত্যয় জন্মিছে।
Assamese | March 19, 2025 8:46 PM | Akashvani News | Ashwini Vaishnaw | Dilip Saikia | Indian Railway Dept.
দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ কৰাৰ আশ্বাস ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ