January 2, 2025 4:40 PM

views 51

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে'লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি ৪ বাজি ১৫ মিনিটত উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি ৫ বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা ১১ বাজি ২৫ মিনিটত গুৱাহাটী পাবহি। ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত এই ৰে'লগাড়ীখনৰ য...

November 1, 2024 5:31 PM

views 63

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়। ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ'ব। মন্ত্ৰ্যালয়ে ল...