October 13, 2025 12:45 PM

views 57

সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দলে অংশগ্রহণ কৰিব। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামর্থ বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি মগ্ন্যালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি এই অনুশীলনে অংশগ্রহণ কৰা সৈনি...

March 18, 2025 1:07 PM

views 66

নতুন দিল্লীত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত

নতুন দিল্লীত কালি ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। আলোচনাত অংশ লোৱা ভাৰতীয় প্ৰতিনিধি দলটোক যুটীয়া সচিব অমিতাভ প্রসাদে আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিনিধি দলটোক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী সচিব বার্নার্ড ফিলিপে নেতৃত্ব দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে বৈঠকৰ সময়ত দুয়োপক্ষই প্ৰতিৰক্ষা অনুশীলন আৰু বিনিময়কে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত স্থায়ী অগ্ৰগ...

March 9, 2025 11:34 AM

views 62

ভাৰতে অষ্ট্ৰেলিয়া, ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন’ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে

ভাৰতে শেহতীয়া দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ অধীনত অষ্ট্ৰেলিয়া, সংযুক্ত আৰব আমীৰি ৰাষ্ট্র-ইউ এ ই, ছুইজাৰলেণ্ড আৰু ন'ৰোৱেৰ লেখীয়া উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযোজ্য গড় শুল্ক যথেষ্ট হ্ৰাস কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইনসহ অন্য সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলি আছে। আমেৰিকাৰ সৈতেও অনুৰূপ আলোচনা অব্যাহত থকা বুলি সূত্রই প্রকাশ কৰিছে। যোৱা ফেব্ৰুৱাৰীত ভাৰত আৰু আমেৰিকাই চলিত বৰ্ষৰ শেষ ভাগলৈ পাৰস্পৰিক বহুমুখী দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায় সম্পর্কে আলো...

January 5, 2025 8:04 PM

views 47

অষ্ট্ৰেলিয়াই টেষ্ট শৃংখলাত ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ আশা নির্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বোলান্দক প্লেয়াৰ অৱ দ্যা মেচ আৰু যশপ্রীত বুমৰাক প্লেয়াৰ অৱ দ্যা চিৰিজ ঘোষণা কৰা হয়। কালি ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৪১ ৰানৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল ১৬ ৰানহে যোগ দিবলৈ সমৰ্থ হয়। ভাৰতে দ্বিতীয় ইনিংছত ১৫৭ ৰাণ সংগ্ৰ...

January 4, 2025 7:01 PM

views 44

ভাৰতৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াতকৈ ১৪৫ ৰানৰ অগ্ৰগতি

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ৬ উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত ১৪১ ৰান সংগ্ৰহ কৰে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে ১৪৫ ৰানত আগবাঢ়ি আছে। দিনান্তত ৰবীন্দ্ৰ জাদেজাই ৮ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ঋষভ পণ্টে ৩৩ টা বলত ৬১ ৰান কৰে। ইয়াৰ লগে লগে পণ্ট টেষ্ট ক্রিকেটত দ্বিতীয় দ্রুত অর্ধশতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ ৰূপে পৰিগণিত হয়। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ মাটিত দ্রুত অর্ধ...

November 24, 2024 7:36 PM

views 57

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ হৈ উঠিছে। খেলখনত আজি তৃতীয় দিনা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত জয়ৰ বাবে ৫৩৪ ৰাণৰ লক্ষ্যৰে খেলি দিনান্তত তিনিটা উইকেটৰ বিনিময়ত ১২ ৰাণ সংগ্রহ কৰিছে। সম্পূৰ্ণ দুটা দিনৰ খেল বাকী থকা অৱস্থাত ঘৰুৱা দলটোক জয়ৰ বাবে এতিয়াও ৫২২ ৰাণৰ প্ৰয়োজন। ভাৰতৰ হৈ যশপ্রীত বুমৰাই দুটা আৰু মহম্মদ চিৰাজে আনটো উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে আজি ৬ উইকেটত ৪৮৭ ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ভাৰতৰ ইনিংছত অপেনাৰ যশস্বী জয়ছৱাল আৰু...

November 20, 2024 11:39 AM

views 55

জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনিৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ কালি ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত মিলিত হয়। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, দক্ষতা, ক্রীড়া, মহাকাশ, জনসাধাৰণৰ মাজৰ সম্পর্ক আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা ব্যাপক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। প্ৰথম ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনৰ সময়ত আলোচিত নবীকৰণযোগ্য শক্তি সহযোগিতাৰ ...

November 4, 2024 5:55 PM

views 60

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্রবাসীসকলক সেৱা আগবঢ়োৱাত অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে এই উদ্বোধন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক সম্পৰ্কৰ্ক মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ লগতে কয় যে, কনচ’লেট জেনেৰ...

November 2, 2024 6:15 PM

views 64

৬ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ-অধ্যক্ষতা কৰিব। অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ৰাইচিনা ডাউন আণ্ডাৰৰ উদ্বোধনী অধিৱেশনত জয়সংকৰে মুখ্য ভাষণ প্ৰদান কৰিব । তেওঁ অষ্ট্ৰেলিয়াৰ নেতৃবৃন্দ, সংসদ সদস্য, ভাৰতীয় সম্প্ৰদা...

October 15, 2024 6:16 PM

views 54

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থ টু প্লাছ টু অৰ্থাৎ‍ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিদেশ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু বিদেশ সচিব বিক্ৰম মিশ্রি বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া পক্ষৰ নেতৃত্ব প্ৰতিৰক্ষা বিভাগৰ সচিব গ্ৰেক মোৰিয়াৰ্টি আৰু বিদেশ পৰিক্ৰমা তথা বাণিজ্য বিভাগৰ সচিব জন এডমছে বহন কৰে। মন্ত্ৰালয়ে কৈছে যে বৈঠকত ৰাজনৈতিক, কৌশলগত, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ লগতে পাৰস্পৰিক স্বার্থ জড়িত বি...