ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ আশা নির্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বোলান্দক প্লেয়াৰ অৱ দ্যা মেচ আৰু যশপ্রীত বুমৰাক প্লেয়াৰ অৱ দ্যা চিৰিজ ঘোষণা কৰা হয়। কালি ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৪১ ৰানৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল ১৬ ৰানহে যোগ দিবলৈ সমৰ্থ হয়। ভাৰতে দ্বিতীয় ইনিংছত ১৫৭ ৰাণ সংগ্ৰহ কৰিছিল । আজি পঞ্চম তথা অন্তিমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়াই এই লক্ষ্য মাত্র ২৭ অভাৰতে ৪ টা উইকেটৰ বিনিময়ত অনায়াসে সংগ্ৰহ কৰিবলৈ সমর্থ হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই ৬৫ ৰান খৰছ কৰি ৩ টা উইকেট লাভ কৰে। মহম্মদ চিৰাজে এটা উইকেট লাভ কৰে।
Assamese | January 5, 2025 8:04 PM | India-Australia
অষ্ট্ৰেলিয়াই টেষ্ট শৃংখলাত ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল