প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ কালি ৰিঅ’ ডি জেনেৰ’ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত মিলিত হয়। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, দক্ষতা, ক্রীড়া, মহাকাশ, জনসাধাৰণৰ মাজৰ সম্পর্ক আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা ব্যাপক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। প্ৰথম ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনৰ সময়ত আলোচিত নবীকৰণযোগ্য শক্তি সহযোগিতাৰ পাতনিক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়।
Assamese | November 20, 2024 11:39 AM | India-Australia
জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনিৰ মত-বিনিময়