নতুন দিল্লীত কালি ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। আলোচনাত অংশ লোৱা ভাৰতীয় প্ৰতিনিধি দলটোক যুটীয়া সচিব অমিতাভ প্রসাদে আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিনিধি দলটোক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী সচিব বার্নার্ড ফিলিপে নেতৃত্ব দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে বৈঠকৰ সময়ত দুয়োপক্ষই প্ৰতিৰক্ষা অনুশীলন আৰু বিনিময়কে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত স্থায়ী অগ্ৰগতিক আদৰণি জনায়। মন্ত্ৰালয়ে লগতে কয় যে আলোচনাত সামুদ্রিক ক্ষেত্ৰত সজাগতা, পাৰস্পৰিক তথ্য বিনিময়, উদ্যোগ, বিজ্ঞান-প্ৰযুক্তিৰ সহযোগিতা আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। উভয় দেশে শান্তিপূর্ণ, সুস্থিৰ, আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি মন্ত্ৰালয়ে প্রকাশ কৰে।
Assamese | March 18, 2025 1:07 PM | India-Australia
নতুন দিল্লীত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা নীতিৰ নৱমলানি আলোচনা অনুষ্ঠিত