অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ হৈ উঠিছে। খেলখনত আজি তৃতীয় দিনা অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত জয়ৰ বাবে ৫৩৪ ৰাণৰ লক্ষ্যৰে খেলি দিনান্তত তিনিটা উইকেটৰ বিনিময়ত ১২ ৰাণ সংগ্রহ কৰিছে। সম্পূৰ্ণ দুটা দিনৰ খেল বাকী থকা অৱস্থাত ঘৰুৱা দলটোক জয়ৰ বাবে এতিয়াও ৫২২ ৰাণৰ প্ৰয়োজন। ভাৰতৰ হৈ যশপ্রীত বুমৰাই দুটা আৰু মহম্মদ চিৰাজে আনটো উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে আজি ৬ উইকেটত ৪৮৭ ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ভাৰতৰ ইনিংছত অপেনাৰ যশস্বী জয়ছৱাল আৰু বিৰাট কোহলীয়ে অনবদ্য শতক অৰ্জন কৰে। জয়ছৱাল ১৬১ ৰাণত আউট হ’লেও কোহলী ১০০ ৰাণত অপৰাজিত হৈ ৰয়। অষ্ট্ৰেলিয়াৰ মাটিত জয়ছৱালে খেলুৱৈ জীৱনৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিবলৈ সমৰ্থ হয়। আগদিনাৰ অপৰাজিত বেটাৰ কে এল ৰাহুলে ৭৭, নিতীশ কুমাৰ ৰেড্ডীয়ে ৩৮ আৰু ৱাশ্বিংটন সুন্দৰে ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়।
Assamese | November 24, 2024 7:36 PM | India-Australia
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ৰ সম্ভাৱনা সজীৱ