October 8, 2025 9:03 PM

views 105

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বেথ মুনিয়ে সৰ্বাধিক ১০৯ কৰে। পাকিস্তানৰ হৈ নাশা সান্ধুৱে ৩টা, ৰামিন শ্বামিম আৰু ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত ...

October 7, 2025 7:51 PM

views 83

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত জিকি ইংলেন্ডে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্রথমে বেট ধৰি ৪৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এই বাতৰি যুগুটোৱাৰ পৰলৈকে প্রথম দুই অভাৰত এটা উইকেট হেৰুৱাই ৬ ৰান সংগ্ৰহ কৰিছে। বিশ্বকাপত দুয়োটা দল ইতিমধ্যে নিজৰ নিজৰ প্ৰথম খেলত জয়ী হৈছে। ইংলেণ্ডৰ দলটোৱে দক্ষিণ আফ্রিকাক ১০ উইকেটত পৰাস্ত কৰি পৰৱৰ্তী...

June 22, 2025 8:09 PM

views 54

২০২৬ চনৰ পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত

ভাৰত আৰু শ্ৰীলংকাত হ'বলগীয়া ২০২৬ চনৰ আই চি চি পুৰুষৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত হৈছে। আমেৰিকা কোৱালিফায়াৰ প্ৰতিযোগিতাত বাহামাজৰ বিৰুদ্ধে জয়লাভ কৰি একেৰাহে পঞ্চমখন খেলত বিজয় সাব্যস্ত কৰাৰ জৰিয়তে কানাডাই বিশ্বকাপ প্রতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰে। মাত্র ৫৭ ৰানতে বাহামাজক ক্ৰিজৰ পৰা বিদায় দিবলৈ সমৰ্থ হোৱা কানাডাই কুৰিটা দলে অংশগ্ৰহণ কৰিবলগীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ত্ৰয়োদশ দল হিচাপে স্থান লাভ কৰিছে। আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ লগতে বৰ্...

April 26, 2025 6:43 PM

views 75

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে।চেন্নাইৰ এম এ চিডম্বম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাছ হায়দাবাদে ৫ উেিকটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাছ হায়দাবাদে ৮ উইকেট হাতত থকা অৱস্থাতে ১৫৫ ৰানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম...

March 10, 2025 12:34 PM

views 70

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে ২০১৩ চনত এম এছ ধোনীৰ নেতৃত্বত এই খিতাপ দখল কৰিছিল। কালিৰ ফাইনেল খেলখনত নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৫২ ৰানৰ বিজয় লক্ষ্য ভাৰতে ১ অ’ভাৰ আৰু ৪টা উইকেট হাতত থকা অৱস্থাত অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। নিউজিলেণ...

March 6, 2025 7:03 PM

views 74

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত হ’বলগীয়া ফাইনেলৰ বাবে দশৰ্কৰ অভূতপূৰ্ব উৎসাহ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানহে কৰিবলৈ সমৰ্থ হয়। যোৱা মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ...

March 6, 2025 11:59 AM

views 71

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে অপৰাজিত ১০০, ৰেজি ভেণ্ডেৰ দ...

March 4, 2025 8:05 PM

views 78

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্বাধিক ৭৩ ৰাণ সংগ্ৰহ কৰে। এলেক্স কেৰীয়ে ৫৭টা বলত ৬১ ৰাণ কৰে। ভাৰতৰ হৈ মহম্মদ শ্বামিয়ে তিনিটা উইকেট দখল কৰাৰ লগতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাডেজাই দুটাকৈ উইকেট দখল কৰে। কৰিছে।         আমাৰ এই বাতৰি...

February 28, 2025 1:02 PM

views 72

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।

February 20, 2025 7:38 AM

views 76

আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তান ৬০ ৰাণত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ প্ৰথমখন খেলত যোৱা নিশা নিউজিলেণ্ডে যোৱা বাৰৰ চেম্পিয়ন পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে। কৰাছীত অনুষ্ঠিত খেলখনত পাকিস্তানে উছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক নিয়ন্ত্ৰণত ৰখাৰ বাবে যথেষ্ট সংঘর্ষ কৰিবলগীয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩২০ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয়ঙে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। টম লাথামে সৰ্বাধিক ১১৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ নছিম শ্বাহ আৰু হাছি ৰওফে দ...