আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্বাধিক ৭৩ ৰাণ সংগ্ৰহ কৰে। এলেক্স কেৰীয়ে ৫৭টা বলত ৬১ ৰাণ কৰে। ভাৰতৰ হৈ মহম্মদ শ্বামিয়ে তিনিটা উইকেট দখল কৰাৰ লগতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ জাডেজাই দুটাকৈ উইকেট দখল কৰে।
কৰিছে।
আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ৬ অভাৰত এটা উইকেট হেৰুৱাই ৩৯ ৰাণ সংগ্ৰহ
প্ৰতিযোগিতাত কাইলৈ লাহোৰত হ‘বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা মুখামুখি হ‘ব।
Assamese | March 4, 2025 8:05 PM | ICC Cricket
আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ