ভাৰত আৰু শ্ৰীলংকাত হ’বলগীয়া ২০২৬ চনৰ আই চি চি পুৰুষৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত হৈছে। আমেৰিকা কোৱালিফায়াৰ প্ৰতিযোগিতাত বাহামাজৰ বিৰুদ্ধে জয়লাভ কৰি একেৰাহে পঞ্চমখন খেলত বিজয় সাব্যস্ত কৰাৰ জৰিয়তে কানাডাই বিশ্বকাপ প্রতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰে। মাত্র ৫৭ ৰানতে বাহামাজক ক্ৰিজৰ পৰা বিদায় দিবলৈ সমৰ্থ হোৱা কানাডাই কুৰিটা দলে অংশগ্ৰহণ কৰিবলগীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ত্ৰয়োদশ দল হিচাপে স্থান লাভ কৰিছে। আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ লগতে বৰ্তমানলৈ প্ৰতিযোগিতাত অংশগ্ৰহণৰ স্থান নিশ্চিত হোৱা আন দলকেইটা হ’ল – আফগানিস্তান, অস্ট্রেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্রিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰু পাকিস্তান। চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া আঞ্চলিক পৰ্যায়ৰ কোৱালিফায়াৰ প্ৰতিযোগিতাৰ জৰিয়তে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া আন ৭ টা দলক নিৰ্বাচন কৰা হ’ব। এই দলসমূহৰ ভিতৰত ইউৰোপ আৰু আফ্ৰিকাৰ পৰা দুটাকৈ আৰু এছিয়া-পূৱ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা ৩ টা দলে স্থান লাভ কৰিব।
Assamese | June 22, 2025 8:09 PM | ICC Cricket
২০২৬ চনৰ পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত