June 4, 2024 11:11 AM

views 60

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ্ৰহ কৰে। খেলখনত আফগানিস্তানৰ ফজলহক ফাৰুকীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আনহাতে নিশা ৮ বজাত বার্বাডোজত হ'বলগীয়া দ্বিতীয়খন খেলত পূৰ্বৰ চেম্পিয়ন ইংলেণ্ডে স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 3, 2024 11:30 AM

views 47

আই চি চি টি-টুৱেণ্টি বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পাপুৱা নিউগিনি ৫ উইকেটত পৰাজিত

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক ৫ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৩৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন ছেজে সৰ্বাধিক ৪২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰষ্টনক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয় ৷ প্রতিযোগিতাত আজি নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত শ্রীলংকাই দক...