আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ্ৰহ কৰে। খেলখনত আফগানিস্তানৰ ফজলহক ফাৰুকীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আনহাতে নিশা ৮ বজাত বার্বাডোজত হ’বলগীয়া দ্বিতীয়খন খেলত পূৰ্বৰ চেম্পিয়ন ইংলেণ্ডে স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | June 4, 2024 11:11 AM | ICC Cricket
আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত