আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক ৫ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৩৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন ছেজে সৰ্বাধিক ৪২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰষ্টনক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয় ৷ প্রতিযোগিতাত আজি নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া আন এখন খেলত শ্রীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।
Assamese | June 3, 2024 11:30 AM | ICC Cricket
আই চি চি টি-টুৱেণ্টি বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পাপুৱা নিউগিনি ৫ উইকেটত পৰাজিত