আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত জিকি ইংলেন্ডে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্রথমে বেট ধৰি ৪৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এই বাতৰি যুগুটোৱাৰ পৰলৈকে প্রথম দুই অভাৰত এটা উইকেট হেৰুৱাই ৬ ৰান সংগ্ৰহ কৰিছে। বিশ্বকাপত দুয়োটা দল ইতিমধ্যে নিজৰ নিজৰ প্ৰথম খেলত জয়ী হৈছে। ইংলেণ্ডৰ দলটোৱে দক্ষিণ আফ্রিকাক ১০ উইকেটত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অর্জন কৰাৰ বিপৰীতে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰে।
Assamese | October 7, 2025 7:51 PM | ICC Cricket
আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ