January 8, 2025 1:51 PM

views 63

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ'লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ'ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ্থ হয়। লেন্সাৰ্ছৰ কৃষণ বাহাদুৰ পাঠকে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে। আজি সন্ধিয়া ৬ বজাত হ’বলগীয়া আন এখন খেলত তামিলনাডু ড্রেগনছ, গোনাচিকা দলৰ মুখামুখি হ’ব। নিশা ৮বাজি১৫ মিনিটত ৰৌৰকেলাত ...

December 7, 2024 8:20 PM

views 59

আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ২-১ গলত পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল ৷ প্রতিযোগিতাৰ পুল-এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত ...

December 1, 2024 12:41 PM

views 55

জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত চীনা টাইপে ১৬-০ ফলাফলত পৰাস্ত

ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে কালি ওমানৰ মাছকতত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত চীনা টাইপেক ১৬-০ ফলাফলত পৰাস্ত কৰে। খেলখনত দিলৰাজ সিঙে ৪টা গল দিয়াৰ বিপৰীতে ৰৌচন কুজুৰে তিনিটা গল দিয়ে। খেলখনৰ মধ্যান্তৰলৈ ১৭ মিনিটত দিলৰাজ সিঙে, ২০ আৰু ২৮ মিনিটত সৌৰভ আনন্দ কুছৱা আৰু ২৩ মিনিটত ৰৌচন কুজুৰে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৯ পইণ্টসহ পুল এত শীর্ষ স্থান দখল কৰিছে। ভাৰতে আজি কোৰিয়াৰ বিৰুদ্ধে পৰৱৰ্তী খেলখনত অৱতীৰ্ণ হ'ব।

November 20, 2024 8:54 PM

views 59

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে আজি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্র গলটো দিয়ে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাত মুঠ ১১ টা গ'ল দিয়ে।

November 19, 2024 8:18 PM

views 57

ভাৰত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি বিহাৰৰ ৰাজগিৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানক ২-০ গলত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে চীনে মালয়েছিয়াক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। মালয়েছিয়া কাইলৈ দিনৰ দুই বাজি ১৫ মিনিটত ব্ৰঞ্জৰ পদকৰ খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

November 17, 2024 11:38 AM

views 60

মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখি কালি চীনক ৩-০ গলত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে চাৰিখন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে।

November 12, 2024 2:38 PM

views 62

মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে। ভাৰতে কালি নিজৰ প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজৰ প্ৰথমখন খেল ২-২ গলত ড্র’ হয়।

November 12, 2024 8:48 AM

views 72

মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত চলি থকা মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত তিনিবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ভাৰতে মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। ইপিনে জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন খেল ২-২ গলত ড্র' হয়। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে৷

November 11, 2024 12:15 PM

views 61

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰখনে বিহাৰক দেশৰ পূব অংশৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই প্ৰতিযোগিতাত ভাৰতৰ বাহিৰেও চীন, জাপান, মালয়েছিয়া, কোৰিয়া আৰু থাইলে...

November 10, 2024 12:11 PM

views 62

কাইলৈ বিহাৰৰ ৰাজগীৰত মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা

মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা কাইলৈ বিহাৰৰ ৰাজগীৰত আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই প্ৰতিযোগিতা উদ্বোধন কৰিব। প্ৰতিযোগিতাত ভাৰতসহ মূল ৬ খন দেশে অংশগ্রহণ কৰিব। ২০ নৱেম্বৰত সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত আটাইকেইখন খেল নৱনিৰ্মিত ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত, চীন, জাপান, মালয়েছিয়া, থাইলেণ্ড আৰু কোৰিয়াৰ দলকেইটা ইতিমধ্যে বুদ্ধগয়াত উপস্থিত হৈছে। কাইলৈ দিনৰ ১২-১৫ মিনিটত হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন খেলত জাপান কোৰিয়াৰ বিৰুদ্ধ...