ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে কালি ওমানৰ মাছকতত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত চীনা টাইপেক ১৬-০ ফলাফলত পৰাস্ত কৰে। খেলখনত দিলৰাজ সিঙে ৪টা গল দিয়াৰ বিপৰীতে ৰৌচন কুজুৰে তিনিটা গল দিয়ে। খেলখনৰ মধ্যান্তৰলৈ ১৭ মিনিটত দিলৰাজ সিঙে, ২০ আৰু ২৮ মিনিটত সৌৰভ আনন্দ কুছৱা আৰু ২৩ মিনিটত ৰৌচন কুজুৰে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৯ পইণ্টসহ পুল এত শীর্ষ স্থান দখল কৰিছে। ভাৰতে আজি কোৰিয়াৰ বিৰুদ্ধে পৰৱৰ্তী খেলখনত অৱতীৰ্ণ হ’ব।
Assamese | December 1, 2024 12:41 PM | Hockey
জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত চীনা টাইপে ১৬-০ ফলাফলত পৰাস্ত