January 8, 2025 1:51 PM | Hockey

printer

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ‘লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ‘ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ্থ হয়। লেন্সাৰ্ছৰ কৃষণ বাহাদুৰ পাঠকে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে। আজি সন্ধিয়া ৬ বজাত হ’বলগীয়া আন এখন খেলত তামিলনাডু ড্রেগনছ, গোনাচিকা দলৰ মুখামুখি হ’ব। নিশা ৮বাজি১৫ মিনিটত ৰৌৰকেলাত হ’বলগীয়া আন এখন খেলত ইউ পি ৰুদ্ৰাছে হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।