May 4, 2024 12:39 PM

views 64

প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ দেহাৱসান

গুৱাহাটীৰ এখন চিকিৎসালয়ত কালি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ মৃতদেহ কাৰ্বি আংলঙত থকা তেওঁৰ বাসগৃহলৈ নিয়া হৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ৰংহাঙৰ আকস্মিক মৃত্যুত বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম বংহাঙে শোক প্রকাশ কৰে। তুলিৰাম ৰংহাঙে কয় যে, শিল্পী মনৰ ৰংহাঙৰ মৃত্যু জিলাখনৰ বাবে অপূৰণীয় ক্ষতি। ছুম’ ৰহাঙৰ শেষকৃত্য কাৰ্বি পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন কৰা হ’ব জানিব পৰা গৈছে।

May 3, 2024 11:50 AM

views 65

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা উজনি অসমলৈ অনা হৈছিল।

May 2, 2024 11:39 AM

views 61

ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা

◊ ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা আগবঢ়োৱা হৈছে। ড° বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্কাৰ বঁটা তেওঁ লাভ কৰিছিল। প্ৰকৃতিৰ পৰা বিলুপ্ত হ'বলৈ ধৰা হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘ দিনৰেপৰা বিশেষ প্ৰয়াস চলাই অহা প্ৰকৃতিপ্ৰেমীগৰাকীক ইয়াৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ জৰিয়তে তেওঁ হাড়গিলাৰ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা অভিযান চলাই আহিছে। ইয়াৰ পদক্ষ...

April 17, 2024 11:26 AM

views 65

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ

নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে' ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। জনপ্রতিনিধিত্ব আইন ১৯৫১ আৰু অসম আবকাৰী আইন অনুসৰি মিজোৰামৰ সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইপিনে লখিমপুৰ জিলা প্ৰশাসনেও আজি ব...

April 5, 2024 8:02 PM

views 59

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

♦গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ এল এছ জমীৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

April 5, 2024 6:33 PM

views 112

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা-লোকনির্ণয়, ২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা-লোকনির্ণয়, ২০২৪' শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পলৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্রস্তুতি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ব।

April 4, 2024 1:19 PM

views 66

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠানৰ আয়োজন

♦ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

April 3, 2024 1:52 PM

views 65

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতা

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানে বিগত বছৰসমূহৰ দৰে এই বছৰো ৭ এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰিছে। এইবাৰ হাফ মাৰাথনৰ বিষয়বস্তু হৈছে -ৰান ফৰ ক্লীনাৰ টুমৰো। গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ আয়োজক সমিতিয়ে এই কথা সদৰি কৰে। তেওঁলোকে জনোৱা মতে, গুৱাহাটীৰ সৰুসজাই স্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা সেইদিনা পুৱা ৫ বাজি ১৫ মিনিটত হাফ মাৰাথন আৰম্ভ হ'ব। ৰান ফৰ ক্লীনাৰ টুমৰো বিষয়বস্তুৰ জৰিয়তে গুৱাহাটীৰ পৰিস্কাৰ পৰিচ্ছ...

April 3, 2024 1:27 PM

views 140

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰা...

April 3, 2024 12:27 PM

views 72

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল'গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ হৃষীকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শর্মাই। Read More News : মা...