নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে’ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ’বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। জনপ্রতিনিধিত্ব আইন ১৯৫১ আৰু অসম আবকাৰী আইন অনুসৰি মিজোৰামৰ সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইপিনে লখিমপুৰ জিলা প্ৰশাসনেও আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। চৰাইদেউ জিলাতো আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ বিয়লি ৫ বজা পর্যন্ত ড্রাই ডে ঘোষণা কৰা হৈছে। ইপিনে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ অন্তৰ্ভুক্ত জিলাকেইখনত আজি বিয়লি ৫ বজাৰ পৰা ভোটদানৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুছুৰা বিপনী তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Assamese | April 17, 2024 11:26 AM | Dry Day | Guwahati
নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ