♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰাজপত্রিত বিষয়াৰ পৰীক্ষা সন্দৰ্ভত দলটোৱে পুৰণি তথ্য সন্ধান চলায়। ইয়াৰ বাহিৰেও অনুসন্ধানকাৰী গোটটোত না অন্তৰ্ভুক্ত হোৱা ৩৪ জন এ চি এছ আৰু এ পি এছ বিষয়াৰ বিভিন্ন নথি পত্রও দলটোৱে কালি সংগ্ৰহ কৰে। সূত্ৰটোৱে লগতে জানিবলৈ দিয়া মতে, অনুসন্ধানকাৰী দলটোৱে পৰীক্ষাৰ উত্তৰ বহীত বিসংগতি লাভ কৰা এগৰাকী ৰাজপত্রিত বিষয়াক পুনৰ জেৰাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰিছে।
Assamese | April 3, 2024 1:27 PM | APSC | Assam | Guwahati
এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান