June 5, 2026 12:50 PM

views 19

বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে উৰিয়ামঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ

গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলিকৃত অঞ্চলত বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ‍ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় ৫ হাজাৰ নাহৰপুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় ১০০ বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দর্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।

January 6, 2026 12:36 PM

views 53

বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত প্রশাসনৰ উচ্ছেদ

শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত কালি প্রশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰি, চিয়ালিচৰ, বাঘেটাপু, লাঠীমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্রশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্রাপ্য উলুম'ৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কৱলত পৰিছে। ৪৪ বর্গ কিলোমিটাৰজোৰা অভয়াৰণ্যখনত ছহেজাৰ ২০০ বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নির্মাণ আৰু কৃষিকার্য কৰি আহিছে। ২০২৩ চনত শোণ...

January 2, 2026 12:29 PM

views 45

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

হোজাই জিলা প্রশাসনে আজি ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাইছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ১৭০টা পৰিয়ালৰ ভিতৰত এহেজাৰ ১৮টা পৰিয়ালক উচ্ছেদ কৰা হ'ব। বাকী ১৫২টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ...

December 19, 2025 6:46 PM

views 45

আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ

নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যবসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষত...

December 16, 2025 7:42 PM

views 54

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩, ৪৭১ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি প্রশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ এই উচ্ছেদ অভিযান অহা ২০ ডিচেম্বৰলৈকে চলিব। উল্লেখযোগ্য যে অঞ্চলটোত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি মীন পালনৰ বাবে পুখুৰী খান্দিছিল। প্রশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰৰ শালনাবাৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত জিলা প্রশাসনে উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে।

December 5, 2025 6:38 PM

views 51

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে সম্পন্ন হয় বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে।

August 26, 2025 12:35 PM

views 42

সাময়িকভাৱে স্থগিত ৰখাৰ পিছত উৰিয়ামঘাটত আজি পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও আজি পুনৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ চাৰে ৯ বজাৰ পৰা ৰেংমা বনাঞ্চলৰ ১ নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়।  ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। তদুপৰি অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এইপর্যন্ত প্রায় ১৩ হাজাৰ বিঘা বনাঞ্চল দখল...

August 9, 2025 12:24 PM

views 60

উৰিয়ামঘাটৰ উচ্ছেদৰ পিছত আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তি পদক্ষেপ হিচাপে আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেউজ বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষ...

August 4, 2025 12:39 PM

views 48

উৰিয়ামঘাটৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ, ১০০০ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰু পথাৰৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু ৩ নম্বৰ ৰজা পুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয়। অভিযানত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় ৷ ইপিনে, মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰীবিলত অহা ৮ আ...

July 31, 2025 8:10 PM

views 49

ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা ৯ বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ ২ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি পাঁচ শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহু সংখ্যক তামোল বাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটৰ জিলা আযুক্ত, অতিৰিক্ত জিলা আযুক্ত, আৰক্ষী বিষয়...