July 30, 2025 8:19 PM

views 44

উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসন আৰু বন বিভাগে গোলাঘাট জিলাৰ ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান চলায়। অভিযানকালত প্ৰায় দুশটা ঘৰ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱৰ নেতৃত্বত এই অভিযান সম্পন্ন কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৮০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়া...