গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও আজি পুনৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ চাৰে ৯ বজাৰ পৰা ৰেংমা বনাঞ্চলৰ ১ নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। তদুপৰি অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এইপর্যন্ত প্রায় ১৩ হাজাৰ বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে-পাশে আন একাংশ অঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে।
Assamese | August 26, 2025 12:35 PM | Evection
সাময়িকভাৱে স্থগিত ৰখাৰ পিছত উৰিয়ামঘাটত আজি পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান