October 22, 2026 11:45 AM | Evection | Nagon

printer

নগাঁওৰ লুটুমাই আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ ৫৩০ হেক্টৰ ভূমিত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন

আইনী প্ৰক্ৰিয়াৰ মাজেৰে নগাঁও বন সংমণ্ডলৰ লুটুমাই আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয়, যে এই অভিযানকালত ৫৩০ হেক্টৰ বনভূমি দখলমুক্ত কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানত মুঠ এহেজাৰ ২০০ হেক্টৰ বনভূমি দখলমুক্ত কৰাৰ ফলত বন্যপ্রাণী বিশেষকৈ হাতীৰ বিচৰণস্থলী আৰু বসতিস্থান সংৰক্ষণৰ ক্ষেত্ৰত সহায় হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। বনভূমি সুৰক্ষিত হ’লেহে বন্যপ্রাণী আৰু অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বনাঞ্চল দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে এই অভিযান অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।