গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলিকৃত অঞ্চলত বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় ৫ হাজাৰ নাহৰপুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰায় ১০০ বিঘা মাটিত গঢ়ি উঠিবলগীয়া এই উদ্যানে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দর্য বৃদ্ধিৰ উপৰি পৰ্যটন আৰু সংস্থাপনৰ নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।
Assamese | June 5, 2026 12:50 PM | Evection
বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে উৰিয়ামঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ